top of page
Search


মাঘৰ বিহু আৰু কিছু জনশ্ৰুতি
মাঘ বিহু উদযাপন স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ ইংৰাজী জানুৱাৰী মাহত উদযাপন কৰা মাঘৰ বিহু অসমীয়া সমাজত কেতিয়াৰ পৰা আৰম্ভ হ'ল ....সেয়া পম খেদি অতীতলৈ আগুৱাই গ'লে আমি দেখা পাওঁ..... মাঘ বিহু যাক ভোগালী বিহুও বোলা হয়, অসমীয়া সমাজত আদিম যুগৰ পৰাই উদযাপন কৰি অহা হৈছে। ইয়াৰ উৎপত্তি প্ৰাচীন কৃষিভিত্তিক সমাজৰ সৈতে জড়িত ৷ মানুহে শস্য চপোৱাৰ অন্তত আনন্দ কৰিছিল আৰু অগ্নি পূজা কৰিছিল। মূলতঃ বড়ো মূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল মাঘবিহু ৷ পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ আৰ্য ব্ৰাহ্মণ সকলে হিন্

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Jan 93 min read


অকণিৰ ছবি
অংকন : শিৱানন গগৈ, অষ্টম শ্ৰেণী, ধোন্দাচাম চিনিয়ৰ চেকেণ্ডাৰী স্কুল, গোলাঘাট

শিৱানন গগৈ,অষ্টম মান,ধোন্দাচাম চি:চে:স্কুল,গোলাঘাট
Jan 91 min read


ছাত্ৰ সমাজ আৰু পুথিভঁৰাল
আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট এখন দেশৰ সৰ্বাংগীন বিকাশ সাধনত অৰিহণা যোগোৱাৰ মূলতেই হৈছে আমাৰ ছাত্ৰ সমাজ। ছাত্ৰসকলেই দেশৰ ভৱিষ্যতৰ গুৰি ধৰোঁতা। ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্যে সফল কৰিবলৈ হ'লে একান্ত পৰিশ্ৰম আৰু একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগিব। সামাজিক দায়বদ্ধতাও ছাত্ৰ সমাজৰ প্ৰধান কৰ্তব্য। যদিও ছাত্ৰসকলৰ কাৰণে অধ্যয়নেই হৈছে একমাত্ৰ তপস্যা তথাপিও সমাজৰ দায়িত্ব পালন কৰাটোও প্ৰয়োজনীয় কামৰ ভিতৰতে পৰে। ছাত্ৰ অৱস্থাতে এজন ছা

আতিক্সা আৰ্ভি বৰা,ষষ্ঠ মান,মাৰ্ভেল মা:একাডেমী,সৰুপথাৰ
Jan 92 min read


গধূলি
জুবিলী গগৈ, দুলীয়াজান, অসম ঋতুৰ পোচাক পিন্ধি গধূলিবোৰ আহে মোৰ চোতাল গচকি ছাইসনা গধূলিবোৰ বিষাদ-গধূৰ এপতীয়া ঢেকীয়াৰ নাওমান পোহৰ যেতিয়া নামে বিষাদ-বৰষুণ বেংবোৰো নোহোৱা হয় পদূলিৰ শিমলুজোপাত ৰৈ ৰৈ বিনাই থাকে অচিন পক্ষী তুমি ভাবিছা নেকি গধূলিবোৰ উজলি থাকে জোনৰ দাপোণত হেমন্তৰ আকাশত জোনেও নামানে নিয়ম... ************

জুবিলী গগৈ, দুলীয়াজান, অসম
Jan 91 min read


অকণিৰ ছবি
অংকন : ধৃতিষ্মান কাকতি, দ্বিতীয় শ্ৰেণী, ব'ল'সিং মেম'ৰিয়েল স্কুল, বৰপথাৰ

ধৃতিষ্মান কাকতি, দ্বিতীয় মান,ব'ল'সিং মে: স্কুল, বৰপথাৰ
Jan 91 min read


লোনাভালাৰ মমৰ সংগ্ৰহালয়টো
শিৱাজী মহাৰাজৰ মমৰ প্ৰতিমূৰ্তি দেৱীকা বৰপূজাৰী, মুম্বাই মুম্বাইৰ পৰা প্ৰায় ৯০-১০০ কিলোমিটাৰ পূবে অৱস্থিত মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এটা জনপ্ৰিয় পাহাৰীয়া ষ্টেচন হৈছে লোনাভালা ( Lonavala) । মুম্বাইৰ পৰা পুণে এক্সপ্ৰেছৱেৰে গ’লে, খোপলি (Khopoli) পাৰ হৈ আহে সেই লোনাভালা নামৰ পাহাৰীয়া ঠাইখন য’ত এটা ছুটিৰ দিন সুন্দৰভাবে কটাব পৰা যায়। লোনাভালা লৈ কেইবাবাৰো গৈছিলো যদিও প্ৰায় ১৫ বছৰীয়া অতীৱ সুন্দৰ মমৰ সংগ্ৰহালয় (Wax museum) টো হে চোৱা হোৱা নাছিল। এইবাৰ সেই হেঁপাহ পূৰণ হ'ল আৰু ম

দেৱীকা বৰপূজাৰী, মুম্বাই
Jan 91 min read


অকণিৰ ছবি
অংকন : অনুৰণন বৰুৱা, চতুৰ্থ শ্ৰেণী, শ্ৰী সত্য সাই বিদ্যা বিহাৰ স্কুল, গোলাঘাট

অনুৰণন বৰুৱা, চতুৰ্থ মান, শ্ৰীসত্য সাই বি:বি:স্কুল,গোলাঘাট
Jan 91 min read


তোমাৰ জন্মদিনত বেলিৰ দুহাত ....
মৃগাংক বৰুৱা, গোলাঘাট (১) কালিলৈ তোমাৰ জন্মদিন জন্মদিন নামৰ আৰু এটা ষ্টেচন পাৰ হৈ যাব তোমাৰ জীৱন নামৰ ৰেলখন যিটো ষ্টেচনলৈ উভতি নহাৰ গতিৰে যোৱা ৰাতিৰ সপোনত দেখিলোঁ সেই ষ্টেচনটোতে ৰৈ থাকি তোমাক দিবলৈ নমাই আনিলোঁ জোন, তৰাৰে ভৰা আকাশ এখন তুমি ক’লা– এনেকৈ আকাশখন নমাই নানিলেও হ'ব যদি স্নেহৰ জীৱন্ত ঘৰ এখন উপহাৰ দিয়া যাক বুকুত সাৱটি অন্ততঃ তুমি নমাই আনিব খোজা আকাশখন একেলগে চাব পাৰোঁ নিদ্ৰাবিহীন ৰাতিবোৰ একাষৰীয়া কৰি তুমি পুনৰ ক'লা– ময়ো এখন আকাশ দিব খোজো সংগোপনে তুমি জোনাক হৈ

মৃগাংক বৰুৱা, গোলাঘাট
Jan 91 min read


জুবিন জুবিন ….
বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ ১ নং পথ, যোৰহাট এটা যুগৰ অন্ত হ'ল এটা বিপ্লৱ শেষ হৈ গ'ল এটা পণ অপূৰ্ণ হৈ ৰল অসমীয়াৰ স্বাভিমানৰ জনক হেৰাই গল। পাহাৰৰ দাঁতিয়েদি বৈ যোৱা নদীখনৰ পাৰত বহু সুৰ আছিল সিচঁৰিত হৈ থকা ফুলেৰে মালা গঁথা শেষ মালাকাৰ জনৰ মহা প্ৰস্থানত জনতাৰ মুখৰ মাতেই হেৰাই গল। এতিয়া তাত ৰ'দ নপৰে বতৰটোও কিবা গোমাই থাকে শিয়ালবোৰ ঘূৰি ফুৰে তন্দ্ৰাচ্ছন্ন পৃথিৱীত চিকাৰীৰ চকু । মুকুতি আজি দিশহাৰা হ'ল। অন্ধ আকাশৰ তলত বতাহ স্তব্ধ হৈ ৰ’ল । @@@@@@@@@

বিজিত কুমাৰ ভাগৱতী, যোৰহাট
Jan 91 min read


পিতৃৰ দৃষ্টিত জুবিন
নিবেদিতা শৰ্মা, যোৰহাট "পিতৃৰ দৃষ্টিত জুবিন" নামৰ ডিচেম্বৰ-২০১১ ত প্ৰকাশ পোৱা গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে জুবিনৰ দেউতাক শ্ৰীযুত কপিল ঠাকুৰ । প্ৰকাশক- ৰাজেন্দ্ৰ মোহন শৰ্মা, ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মা, পানবজাৰ,গুৱাহাটী। কেইবা দশক জুৰি নীৰৱে সাহিত্য সাধনা কৰি অহা শ্ৰীযুত কপিল ঠাকুৰদেৱে কিতাপখনৰ পাতনিত শ্ৰদ্ধেয় পাঠক সমাজলৈ উদ্দেশ্যে কৰি লিখিছে…. "নিশ্চয় চিন্তাত পৰিলোঁ। ক'ৰ পৰা আৰম্ভ কৰিম? কেনেকৈ আৰম্ভ কৰিম? পিতৃয়ে পুত্ৰৰ জীৱনী লিখাৰ অভিনৱ কথা এই প্ৰথম শুনিলোঁ। পুত্ৰই পিতৃৰ গ্ৰন্থ উন্

নিবেদিতা শৰ্মা, যোৰহাট
Jan 94 min read


সোণালী পাখিৰ ৰাজহাঁহটো
(অনুবাদ গল্প) মূল গ্ৰন্থ: গ্ৰীম’চ ফেৰী টেলচ (Grimm’s Fairy Tales) গল্পৰ নাম : The Golden Goose অনুবাদক: পবিত্ৰা বৰঘৰীয়া, মুম্বাই বহু পুৰণি কালত এখন গাঁৱত এজন মানুহৰ তিনিজন পুত্ৰ আছিল। তেওঁলোক তিনিজনৰ ভিতৰত সৰু ল’ৰাজনক সকলোৱে বৰ তুচ্ছজ্ঞান কৰিছিল আৰু প্ৰতিটো কথাতেই তেওঁক এৰাই চলিবলৈ বিচাৰিছিল । সকলোৱে তেওঁক উপহাস কৰি মূৰ্খ (Dummling) বুলি মাতিছিল। পিছত “মূৰ্খ” নামটো মানুহৰ মুখে মুখে বাগৰি “মূৰুখ” হিচাপে জনাজাত হৈছিলগৈ। এবাৰ মানুহজনৰ ডাঙৰ পুত্ৰই কাঠ কাটিবলৈ বুলি হাবিলৈ যাব ব

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jan 95 min read


সম্পাদকীয় - দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা
সম্পাদকৰ মেজৰ পৰা সূৰুযমুখীৰ সমূহ পাঠক সমাজলৈ আৰু কণ কণ মইনাসকলৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীলৈ শাৰদীয় শুভেচ্ছা জনালোঁ। আমাৰ সূৰুযমুখী আলোচনীখনৰ প্ৰথম প্ৰকাশৰে পৰা প্ৰায় প্ৰতিটো সংখ্যাতে আমি একোটা বিশেষ বিষয়বস্তু সামৰিবলৈ বা আলোচনাৰ মাজলৈ আনিবলৈ চেষ্টা কৰি আহিছোঁ, যাতে আমাৰ পাঠকসমাজে তথা নৱ-প্ৰজন্মই সেই বিষয়টোৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ অৱকাশ পায় আৰু লগতে বিষয়টোৰ বিষয়ে সঠিক তথ্য আদি সংগ্ৰহ কৰি অভিজ্ঞতা সঞ্চয় কৰিবলৈ সক্ষম হয়। কাৰণ তেনে অভিজ্ঞতা ভৱিষ্যতে তেওঁলোক

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Oct 13, 20256 min read


সূচীপত্ৰ :: সূৰুযমুখী ( দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা )
১ ) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই 2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে ): অকণিৰ ছবি: · বৰেণ্য বিশ্ব বৰুৱা, চতুৰ্থ শ্ৰেণী, ডন বস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়, লিচুবাৰী, যোৰহাট · বৈষ্ণৱী বৰা, পঞ্চম শ্ৰেণী, অমৃত ইন্টাৰনেশ্যনেল স্কুল, বৰপথাৰ, গোলাঘাট · আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট · জিজ্ঞাসা সোণোৱাল, ষষ্ঠ মান, টেঙাখাট লিটল ষ্টাৰ হায়াৰ চেকেণ্ডেৰী স্কুল, ডিব্ৰুগড় · ধৃতিষ্মান কাকতি, দ্বিতীয় শ্ৰেণী, ব'ল'সিং মেম'ৰি

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Oct 13, 20252 min read


মহিষমৰ্দিনী আই কাত্যায়নী
নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ, গোলাঘাট পালেহি আহিনমাহ অময়া শৰতকাল ষষ্ঠীত দিওঁ বেদীত স্থান, অচলা ভক্তিৰে পূজি সপ্তমী অষ্টমী তিথি দশমীত কৰোঁ বিসৰ্জন । যুগে যুগে ধৰণীতে তোমাক পূজোঁ ভকতে ৰাম কৃষ্ণ তোমাৰ সেৱক, আমি সৰল মনিচ নহও নকল নবীশ আই তুমি বিপদ বাৰক । শৰতত বসন্তত ধৰালৈ নামিবা দেই বৰণীয়া ফুলেৰে পূজিম, নীলাকৈ অপৰাজিতা পদুম ধতুৰা জবা যতনেৰে মৰ

নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
Oct 13, 20251 min read


উন্নয়নৰ অগ্ৰগতিৰ বিৰোধাভাস
ড° বিজিত তালুকদাৰ, গুৱাহাটী মানৱ সভ্যতাৰ সুদীৰ্ঘ যাত্ৰাত এটি উত্তম ভৱিষ্যতৰ ফালে চিৰধাৱমান উন্নয়নত অশ্ববেগী অগ্ৰগতিয়ে বাহকৰূপে এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে ৷ অৰ্থনৈতিক বৃদ্ধি, প্ৰযুক্তিগত উন্নতি আৰু সামাজিক প্ৰগতিকে আদি কৰি সামগ্ৰিক উন্নয়নৰ ধাৰণাটো পৃথিৱীৰ প্ৰায়বোৰ ব্যাপক সমস্যাৰ এক নিদানস্বৰূপে ব্যৱহাৰ হৈছে। তথাপি, আমি যেতিয়া নৱীকৰণৰ নামত উন্নয়নৰ সীমাৰেখাডাল উলংঘা কৰিবলৈ আগবাঢ়ো, তেতিয়াই আমি উন্নয়নৰ এক বিৰোধাভাসৰ সন্মুখীন হওঁ। অগ্ৰগতি আৰু পশ্চাদগতি, বৃদ্ধি আৰু ক্ষ

ড° বিজিত তালুকদাৰ, গুৱাহাটী
Oct 13, 20253 min read


অকণিৰ ছবি
অংকন : তৃষা দাস, নৱম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী

তৃষা দাস,অষ্টম মান, প্ৰাগজ্যোতিষ আ: বিদ্যালয়,গুৱাহাটী
Oct 13, 20251 min read


শিক্ষাই জীৱন
নীল নয়ন শৰ্মা, ষষ্ঠ শ্ৰেণী, নৰ্থ ইষ্ট পাব্লিক স্কুল, কাহিলিপাৰা, গুৱাহাটী লিখা-পঢ়া কৰা ভাই শিক্ষাৰ বিনে গতি নাই, সুশিক্ষা গ্ৰহণ কৰা জ্ঞানী হৈ জীৱন ধৰা। বিদ্যাৰ মন্দিৰত সদায় গৈ শিক্ষাৰ বন্তি জ্বলাই লৈ, পাঠদান গ্ৰহণ কৰা অজ্ঞানতা দূৰ কৰা। গুৰুৰ উপদেশ মানি চলা জীৱনৰ পথ সুগম কৰা, কি হ'ব পাৰে শিক্ষাৰ দৰে শিক্ষাই আমাৰ জীৱন গঢ়ে। **************

নীল নয়ন শৰ্মা,নৰ্থ ইষ্ট পাব্লিক স্কুল,গুৱাহাটী
Oct 13, 20251 min read


মহান বিজ্ঞানীৰ পৰিচয় (৪)
মহিমাৰে উজ্জ্বলি উঠা বিজ্ঞানী, উদ্ভাৱক, শ্ৰীযুত উদ্ধৱ ভৰালী স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশাকৰোঁ তোমালোক সকলোৱে কুশলে আছা ৷ গৰমৰ বন্ধ খোলাৰ পাছত তোমালোকৰ বেছি সংখ্যকৰে বিদ্যালয়ত ছয়মাহিলী পৰীক্ষাবোৰো শেষ হ’ল ৷ ইয়াৰ মাজতে আমাৰ আটাইৰে অতিকৈ মৰমৰ “জুবিন দা” আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈ আমাক সকলোকে বৰ মৰ্মাহত কৰিলে ৷ সেয়ে এইবাৰ দুৰ্গা পূজাৰ ৰং-ৰহইচবোৰো ম্লান পৰিল, নহয় নে ! আকৌ তোমালোকৰ প্ৰিয় পোহৰৰ উৎসৱ দীপাৱলীও আহি আছে....৷ বাৰু তাৰ মাজতে ম

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Oct 13, 20253 min read


মুক্ত বিহংগ
তৃষা দাস, দশম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী চৰাইবোৰে নীল আকাশত জাকপাতি উৰে, মনৰ আনন্দত গছৰ ডালত নিজৰ বাহটি সাজে। ঢলপুৱাতে আহাৰ বিচাৰি শস্যৰ পথাৰত ঘূৰে, গধূলি হ'লে নিজ বাহলৈ পোৱালীলৈ আহাৰ আনে। জাকপাতি ডালত বহি মনৰ ভাব প্ৰকাশ কৰে, ডালৰ মাজত পাতৰ আঁৰত লুকা-ভাকু খেলে। তাকে দেখি সজাৰ চৰায়ে দুখত ভাগি পৰে, মুক্ত পৰিবেশ নোপোৱাৰ বাবে হিয়া ঢাকুৰি কান্দে। ভালকৈ খাইছোঁ ভালকৈ আছোঁ ভালকৈ যতন পাইছোঁ, কিন্তু উৰণীয়া বন্ধুৰ দৰে আমিও মুক্ত পৰিবেশ বিচাৰো

তৃষা দাস,অষ্টম মান, প্ৰাগজ্যোতিষ আ: বিদ্যালয়,গুৱাহাটী
Oct 13, 20251 min read


জীৱনৰ জ্যামিতি
কৃষ্ণ কান্ত চাহু, অধ্যক্ষ নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ মৃত্যুনো কি - কিনি ল'ব পাৰোঁ, জীৱনটোহে নোৱাৰোঁ ! চাইকেলৰ পাছে পাছে আহি থকা জোনটোৰ দৰে জীৱনেও মাজে সময়ে ছাঁ পোহৰত মৰে আৰু জীয়ে। উশাহটোও চোলাৰ হাতত লুকুৱাই লোৱা হাতখনৰ দৰে এৰাল চিঙা উশাহৰ কি ভৰসা ? সৰি পৰা আকাশৰ তৰা…. জীৱনৰ জ্যামিতি সমাপ্তিৰ বিন্দু ।। *******

কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ
Oct 13, 20251 min read
bottom of page

