top of page
Search


অব্যক্ত অনুভৱ
তন্ময় কলিতা, গুৱাহাটী "তাক ইমান আপোন ভাবিছিলোঁ, ইমান বিশ্বাস কৰিছিলোঁ, সিও এতিয়া আঁতৰি গ'ল।" এনেকৈয়ে আঁতৰি যোৱা মানুহৰ কথা ভাবি আপোনাৰ উদং বুকুৱে কেতিয়াবা হঠাতেই হাহাকাৰ কৰি উঠে নহয়নে? তেতিয়া মনটো কেনেকুৱা লাগে কাকো বুজাব নোৱাৰা হয়। অস্থিৰ হৈ পৰে আপুনি। ক্ষণিকতে আপুনি ভাবে, সি হয়তো মোক পাহৰিলেই। তাৰ চাগৈ মোলৈ মনতেই নপৰে। জানেনে, আপুনি তাক ভুল বুজি আছে। তাৰ মনৰ বতৰা আপুনিতো পোৱা নাই। শুনক, আপোনাৰ দৰে তাৰ অন্তৰেও কেতিয়াবা হঠাতেই কান্দি উঠে। সিও ভাবে, আপোনালোকৰ সেই ভাললগ

তন্ময় কলিতা, গুৱাহাটী
Oct 13, 20252 min read


অকণিৰ ছবি
অংকন : শুভ্ৰনীল সোণোৱাল, কে.জি শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়

শুভ্ৰনীল সোণোৱাল, ছল্ট ব্ৰুক স্কুল,ডিব্ৰুগড়
Oct 13, 20251 min read


অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি: জুবিন দালৈ
চানিয়া স্নিগ্ধা মুকতাৰ, সপ্তম শ্ৰেণী যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয় আজি যেন সকলো নীৰৱ-নিস্তব্ধ অৰ্থহীন! তুমিয়েই কৈছিলা, "ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন।" সঁচাই বহু ধুমুহাৰ সতে খেলিলা তুমি! আজি প্ৰতিটো নিশাই ৰৈ ৰৈ বিনাইছে তোমাক লৈ... তুমিয়েই গাইছিলা, "মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে" আৰু আজি বহু মানুহক দুখৰ সাগৰত পেলাই তুমি আঁতৰি গ'লা। সাগৰ তলিত শুলা তুমি চিৰদিনৰ বাবে 'টিয়েৰচ ইন হেভেন' আজি যেন জংকীয়ে আনন্দত চকুলো টুকিছে তোমাক দেখি, এতিয়া তুমি আকৌ নিৰলে

চানিয়া স্নিগ্ধা মুকতাৰ, যোৰহাট
Oct 13, 20251 min read


তুৰ্কীয় দেশৰ শিশু
তুৰস্ক দেশৰ মানচিত্ৰ দেৱীকা বৰপূজাৰী, মুম্বাই মইনা সকল, তোমালোকে বাৰু তুৰস্ক বা Turkey নামৰ দেশখনৰ নাম শুনিছা নে? এইখনেই পৃথিৱীৰ একমাত্ৰ দেশ, যিখন এছিয়া আৰু ইউৰোপৰ মাজতে অৱস্থিত! ইয়াত এখন সাগৰৰ দৰে বিশাল নৈ আছে - ব্লেক চি আৰু মাৰমাৰা বীচ্চৰ সিমনাত, যাক কোৱা হয় ব’চপ’ৰাচ প্ৰণালী (Bosporus Strait) বা সুঁতি। তুৰ্কীয় দেশখন যথেষ্ঠ ডাঙৰ, ইয়াৰ ৰাজধানী হৈছে আংকাৰা। পিছে বাণিজ্যিক ভাৱে আৰু আধুনিকতাৰ দিশত সকলোতকৈ আগবঢ়া ঠাইখন হৈছে - ইষ্টানবুল। তুৰ্কীখন বৰ ধুনীয়া - কেউদিশে নীলা

দেৱীকা বৰপূজাৰী, মুম্বাই
Oct 13, 20252 min read


অকণিৰ ছবি
অংকন : জিজ্ঞাসা সোণোৱাল, ষষ্ঠ মান, টেঙাখাট লিটল ষ্টাৰ হায়াৰ চেকেণ্ডেৰী স্কুল, ডিব্ৰুগড়

জিজ্ঞাসা সোণোৱাল,ষষ্ঠ মান,টেঙাখাট লিটল ষ্টাৰ হা:চে: স্কুল, ডিব্ৰুগড়
Oct 13, 20251 min read


আইতাৰ ঘৰ
নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ, গোলাঘাট জুন মাহৰ শেষৰ সপ্তাহটো পাহিৰ মনত বৰ দীঘলীয়া যেন লাগিল। স্কুলত পাঠবোৰ ধাম-ধুম আগবাঢ়িছে। ইফালে ইউনিট টেষ্টো দিবলগীয়া হৈছে। জুলাই মাহত বিভিন্ন অনুষ্ঠানে পাতিব খোজা শিশু আৰু কিশোৰৰ উপযোগী কৰ্মশালাবোৰত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণো আহিছে। এইবাৰ কোনো ধৰণৰ কৰ্মশালাৰ লগত জড়িত হ'বলৈ তাইৰ ইচ্ছা নাই। অৱশ্যে মাকেও তাইৰ অনিচ্ছাৰ প্ৰতি সঁহাৰি জনাইছে। তাই যে পূৰা-পূৰি দুসপ্তাহ আয়েকৰ ঘৰত কটাবগৈ সেয়া কম আনন্দৰ কথা নে! এইবাৰ স্কুলত গৰম বন

নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
Oct 13, 20254 min read


অকণিৰ ছবি
অংকন : ধৃতিষ্মান কাকতি, দ্বিতীয় শ্ৰেণী, ব'ল'সিং মেম'ৰিয়েল স্কুল, বৰপথাৰ

ধৃতিষ্মান কাকতি, দ্বিতীয় মান,ব'ল'সিং মে: স্কুল, বৰপথাৰ
Oct 13, 20251 min read


আমাৰ জুবিন দা
ফাৰহান কুৰেছি, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট আমাৰ সকলোৰে মৰমৰ “জুবিন দা”; জুবিন গাৰ্গৰ জন্ম হয় ১৯৭২ চনৰ ১৮ নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰা চহৰত ৷ তেখেতে স্কুলীয়া শিক্ষা অসমৰ বিভিন্ন ঠাইত গ্ৰহণ কৰিছিল৷ তেখেত বিশ বছৰ বয়সতে এজন গায়ক হিচাপে বিখ্যাত হৈ পৰে ৷ তেখেতে ভাৰতৰ কেইবাটাও ভাষাত মুঠ ৩৮ হাজাৰ গীত গাইছে আৰু কেইবাখনো বোলছবিতো অভিনয় কৰিছে ৷ আগতে মই ৰাতিপুৱা শোৱাৰ পৰা উঠি শুনিছিলো “ গুৰু মোৰ গ’লাগৈ আমাক নিথৰুৱা কৰি থৈ“ গীতটি। কিন্তু এতিয়া মই জুবিন দাৰ

ফাৰহান কুৰেছি, বল’সিং মেঃ স্কুল,বৰপথাৰ
Oct 13, 20252 min read


মায়াবিনী ৰাতিৰ বুকুত
( জুবিন গাৰ্গৰ স্মৃতিত ) মন্দিতা শৰ্মা, গুৱাহাটী 'Would you know my name if I saw you in heaven’ অন্তিম নিশাৰ শূন্যতাত নিগৰালা তোমাৰ মায়াবী কণ্ঠ- 'সৰগত যদি মোক দেখা, তুমি চিনিবানে মোৰ নাম?' শোক, আশা আৰু পুনৰ্মিলনৰ দুৰ্বাৰ আকাংক্ষা! প্ৰেম অস্তিত্ববিহীন অনন্ত, হৃদয়ৰ কম্পনেই চিনাকি দিব সেই বিশেষদিনা! সবাকে অলক্ষিতে শেষ অভিবাদন জনাই গ'লা সেই দিনা! অনন্ত সুৰৰ সৰগত তুমি থাকিবা চিৰকাল অমৰ হৈ। কবিতাৰে তুমি কৈ গ'লা; নদীৰ পৰা সাগৰলে গৈ সাগৰৰ পৰা নদীলৈ ঘূৰি আহিব পাৰা তুমি! স

মন্দিতা শৰ্মা, গুৱাহাটী
Oct 13, 20252 min read


অকণিৰ ছবি
অংকন : ক্ৰিয়ান্স জালান, তৃতীয় মান, ব'ল'সিং মেম'ৰি য়েল স্কুল, বৰপথাৰ, গোলাঘাট

ক্ৰিয়ান্স জালান, তৃতীয় মান, ব'ল'সিং মে: স্কুল,বৰপথাৰ
Oct 13, 20251 min read


সংস্কৃতিৰ সাধক ড৹ ভূপেন হাজৰিকা
নিবেদিতা শৰ্মা, যোৰহাট ঐকান্তিক সাধনাৰে, সাফল্যৰ শীৰ্ষবিন্দুলৈ আৰোহণ কৰি, চিৰযুগমীয়া ঢৌ তুলি, চিৰ নতুন পানচৈত উটি, সময় নদীত পট আঁকি যোৱা, সংস্কৃতিৰ সাধক ড° ভূপেন হাজৰিকাদেৱৰ জীৱনাদৰ্শনৰ বিষয়ে প্ৰতিজন সংগীতপ্ৰেমীৰে অপাৰ আগ্ৰহ থাকে। গানৰ সুৰে অসমীয়াৰ হৃদয় গুণগুণাই থকা, ড° হাজৰিকা একেধাৰে গীতিকাৰ, সুৰকাৰ, গদ্যশিল্পী, সাংবাদিক। ভূপেনদা আছিল মহান সাংস্কৃতিক আদৰ্শৰ ৰূপকাৰ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য সংস্কৃতিৰ পৰা তেখেত অনুপ্ৰাণিত হৈছিল, তাৰেই ফচল হৈছে তেখেত

নিবেদিতা শৰ্মা, যোৰহাট
Oct 13, 20252 min read


দক্ষিণ কোৰিয়া ভ্ৰমণ আৰু জাতীয় জীৱনৰ ওপৰত কিছু অৱলোকন
উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মানচিত্ৰ চৈয়দ মীৰ মমতাজ হুছেইন, গুৱাহাটী প্ৰতিজন ব্যক্তিৰে নতুন ঠাই চোৱাৰ আৰু ফুৰাৰ হেপাঁহ থাকে ৷ এই হেপাঁহৰ আলমতে কেতিয়াবা আমি মানে আমাৰ পৰিয়ালৰ আটাইকেইজন সদস্যই লগলাগি বছৰেকত এবাৰ হ’লেও ভ্ৰমণৰ নামত বিভিন্ন ঠাইলৈ ওলাই যাওঁ ৷ এই ভ্ৰমণবোৰত দেশ আৰু বিদেশ - দুয়ো ঠাই অন্তভুৰ্ক্ত থাকে। দুহেজাৰ তেইশ চনৰ আৰম্ভণিতে, মানে জানুৱাৰী মাহত আমাৰ একমাত্ৰ ছোৱালী ফাজলীনৰ সুদূৰ দক্ষিণ কোৰিয়াৰ যুৱক জোনৰ লগত বিবাহ সম্পন্ন হৈ যায় ৷ বিয়াখন অসমৰ যোৰহাট চহৰত অনুষ্ঠিত হৈ

চৈয়দ মীৰ মমতাজ হুছেইন, গুৱাহাটী
Oct 13, 20254 min read


এজনী নীলা মাছ
হিয়া দাস, উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, শুৱালকুছি এখন গাঁও আছিল। সেই গাঁৱতে এখন বৰ সুন্দৰ বিল আছিল। বিলত ৰঙা, নীলা, সেউজীয়া, হালধীয়া অসংখ্য মাছ আছিল। এই সকলোবোৰৰ ভিতৰত এজনী বিশেষ ধৰণৰ মাছ আছিল। বিশেষ এই কাৰণেই যে তাইৰ মূৰত একোছা নীলা চুলি আছিল। চুলিকোছা অনবৰত লাইটৰ দৰে চিকমিকাই থাকিছিল। গাঁৱৰ সৰু ল'ৰা ছোৱালীবোৰে এই অসাধাৰণ চুলিকোছাৰ কাৰণেই মাছজনীক নীলি বুলি মাতিছিল। নীলিক সিহঁতে বৰ ভাল পাইছিল। নীলিয়েও ল'ৰা-ছোৱালীবোৰৰ লগত খেলি বৰ ভাল পাইছিল। তাই প্ৰত্যেক দিনাই বিলৰ পাৰলৈ উঠি আ

হিয়া দাস, শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, কামৰূপ
Oct 13, 20252 min read


পুৰুষ নে মহাপুৰুষ
ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, মুম্বাই ১৯ চেপ্তেম্বৰ ২০২৫, এই দিনটো বাৰু কেনে ধৰৰে লওঁ? এজন বিখ্যাত, জনপ্ৰিয় পুৰুষৰ মৃত্যু দিন হিচাপে নে এজন মহাপুৰুষৰ জন্ম দিন হিচাপে লওঁ! তেখেতক আমি কিমান বুজি পালো? নে আমি তেওঁক বুজি পাবলৈ চেষ্টাই নকৰিলোঁ? যদিহে বুজি পালোহেঁতেন, তেতিয়া হ'লে জীয়াই থকা অৱস্থাতে মহাপুৰুষৰ আসনখন দিলোঁহেঁতেন। হয়, মই ১৯৭২ চনৰ ১৮ নভেম্বৰত জন্মগ্ৰহণ কৰি, অতি কম দিন লৈ পৃথিবীলৈ আহি, সৌ সিদিনা, ১৯ চেপ্তেম্বৰ ২০২৫ ত মৃত্যুবৰণ কৰা আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ কথাই

ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, কাণ্ডিভেলী,মুম্বাই
Oct 13, 20252 min read


অকণিৰ ছবি
অংকণ : বৰেণ্য বিশ্ব বৰুৱা, চতুৰ্থ শ্ৰেণী, ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়, লিচুবাৰী, যোৰহাট

বৰেণ্য বিশ্ব বৰুৱা, ডনবস্ক' উ:মা: বিদ্যালয়, লিচুবাৰী
Oct 13, 20251 min read


ঘৰখনেই শিশুৰ প্ৰথম শিক্ষানুষ্ঠান
ৰশ্মি ৰেখা পূজাৰী, কাহিলীপাৰা, গুৱাহাটী পৃথিৱীৰ এক অপৰূপা আৰু অমূল্য সৃষ্টি নাৰী। নাৰীৰ অবিহনে এই পৃথিৱী সম্পূৰ্ণ হ'ব নোৱাৰে। নাৰী হ'ল প্ৰেমৰ মূৰ্তি, মৰম আৰু দয়াৰ সাগৰ। সহনশীলতা, ধৈৰ্য আৰু লজ্জা হ'ল নাৰীৰ এক অপূৰ্ব অলংকাৰ। কেতিয়াবা মনত প্ৰশ্ন হয় ইমান গুণৰ অধিকাৰী হৈও নাৰীত্বক কেতিয়াবা অভিশপ্ত যেন অনুভৱ হয়। বৰ্তমান পৃথিৱীত নাৰীৰ ওপৰত যিমান যন্ত্ৰণা, অত্যাচাৰ চলি আছে সেই প্ৰশ্ন মনত আবিৰ্ভাৱ হোৱাতো স্বাভাৱিক। যদিও এক পক্ষে চাবলৈ গ'লে নাৰীয়ে ঘৰ-গৃহস্থী চলোৱাকে ধৰি মহাকাশ অভিযা

ৰশ্মি ৰেখা পূজাৰী, কাহিলীপাৰা, গুৱাহাটী
Oct 13, 20252 min read


মণি-কাঞ্চন সংযোগ
শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ আৰমান হাজৰিকা, খাৰঘৰ, নৱী-মুম্বাই অসমীয়া জাতিৰ কলা-সংস্কৃতিৰ আদিমূল জানিবলৈ বিচাৰিলে আমি প্ৰথমতেই শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয়তম শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ বিষয়ে জানিবলৈ লাগিব। শংকৰ-মাধৱ, এই গুৰু দুজনাই অসমীয়া সমাজলৈ আদিতে আগবঢ়োৱা অৱদানৰ বিষয়ে শ্ৰদ্ধা-ভক্তিৰে স্মৰণ নকৰিলে অসমীয়া জাতিটোৰ বুৰঞ্জীয়েই আধৰুৱা বুলি মানিব লাগিব ! প্ৰায় ছশ বছৰৰ আগতেই এই গুৰু দুজনাই অসমৰ ভূখণ্ডত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ প্ৰয়াসেৰে সমগ্ৰ অসমীয়া জাতিৰ বিভিন্ন

অনুবাদক: আৰমান হাজৰিকা, নৱী মুম্বাই
Oct 13, 20254 min read


অকণিৰ ছবি
অংকন : অংশুমান চেতিয়া, ষষ্ঠ শ্ৰেণী, দয়ানন্দ বিদ্যা নিকেতন, সৰুপথাৰ, গোলাঘাট

অংশুমান চেতিয়া,ষষ্ঠ মান,দয়ানন্দ বি: নিকেতন,সৰুপথাৰ
Oct 13, 20251 min read


অকণিৰ ছবি
অংকন : আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট

আতিক্সা আৰ্ভি বৰা,ষষ্ঠ মান,মাৰ্ভেল মা:একাডেমী,সৰুপথাৰ
Oct 13, 20251 min read


বতাহে কঢ়িয়াই আনে মোৰ শৈশৱৰ স্মৃতি: মই চুমচুমীয়ে কৈছোঁ ...
পবিত্ৰা বৰঘৰীয়া, মুম্বাই শুই উঠাৰ পিছত আজিৰ মোৰ দিনটো খুউব ভালদৰেই আৰম্ভ হৈছিল। যোৱাৰাতি পিস্কিয়েও বৰ বিশেষ আমনি কৰা নাছিল, সেয়ে মাম্মীমাৰ লগত মই গোটেই ৰাতি শান্তিৰে শুব পাৰিছিলোঁ। পুৱা উঠি মাম্মীমাই ব্যায়াম, প্ৰাণায়াম আদি কৰিবলৈ বুলি যোগ-মেটখন পাৰি লওঁতেহে, লেঙেৰাই লেঙেৰাই কাঁড়ডাল অহাদি আহি মেটখনত তাইৰ নখবোৰ ধৰাবলৈ আৰম্ভ কৰিলেহি। তাইকে দেখি মোৰ নখবোৰো কিবা পিৰপিৰাই উঠা যেন লাগিল আৰু ময়ো তাইৰ পিছে পিছে গৈ দুবাৰমান নখবোৰ মেটত ঘহাওঁতেই মাম্মীমাই চোঁমাৰি উৰি অহাদি আহি আ

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
Oct 13, 20256 min read
bottom of page